অসমৰ চৰ-চাপৰি আৰু মিঞা বিতৰ্ক।

চৰ-চাপৰি অঞ্চলক লৈ কিছুমান লোকৰ মনত আজিও ভুল ধাৰণা আৰু অপপ্ৰচাৰ বিয়পি আছে। কিন্তু ইতিহাস, নথি-পত্ৰ আৰু বাস্তৱ উদাহৰণে স্পষ্টকৈ প্ৰমাণ কৰে যে চৰ-চাপৰিৰ মুছলমান সমাজ কেৱল অসমৰ জনসংখ্যাৰ অংশই নহয়, শিক্ষা আৰু সমাজ গঠনৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা লৈ আহিছে।

আজিৰ পৰা এশ বছৰৰো অধিক পূৰ্বেই চৰ-চাপৰি অঞ্চলত বসবাস কৰা মুছলমান লোকসকলে শিক্ষাৰ গুৰুত্ব বুজি পাই নিজ উদ্যোগত বিদ্যালয় স্থাপন কৰিছিল। ১৯১৩ চনত স্থাপিত ১০৭ নং বাধাকুচি প্ৰাথমিক বিদ্যালয়, ১৯২১ চনৰ ২১০ নং গুটিপাড়া এল.পি. স্কুল, ১৮৮২ চনত স্থাপিত বগৰবৰ চৰ এল.পি. স্কুল—এই সকলোবোৰ বিদ্যালয় চৰ-চাপৰিৰ মাটিত জন্ম লৈছে, চৰ-চাপৰিৰ মানুহৰেই ত্যাগ, দান আৰু প্ৰচেষ্টাৰে।

ইয়াৰ উপৰিও ১৯২৭ চনত স্থাপিত আলিতাংগনি অসমাৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় কেৱল এখন শিক্ষানুষ্ঠানেই নহয়, বৰং চৰ-চাপৰি মুছলমান সমাজৰ শিক্ষাচেতনাৰ এক জ্বলন্ত সাক্ষ্য। সেই সময়ত যেতিয়া যোগাযোগ, অৰ্থনীতি আৰু চৰকাৰী সহযোগিতা সীমিত আছিল, তেতিয়াই এই সমাজে নিজৰ কাঁধত শিক্ষাৰ দায়িত্ব লৈ আগবাঢ়িছিল।

এই বিদ্যালয়সমূহ কোনো বাহিৰা শক্তিৰ দান নহয়, কোনো হঠাৎ সৃষ্টি হোৱা ব্যৱস্থা নহয়—এইবোৰ হৈছে চৰ-চাপৰিৰ মুছলমান সমাজৰ দূৰদৰ্শিতা, আত্মত্যাগ আৰু ভবিষ্যৎ প্ৰজন্মৰ প্ৰতি দায়িত্ববোধৰ ফল। এই শিক্ষানুষ্ঠানসমূহৰ মাজেৰে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা লাভ কৰি আজি শিক্ষক, চিকিৎসক, অভিযন্তা, বিষয়া, সমাজকৰ্মী হিচাপে অসমৰ সেৱাত নিজকে নিয়োজিত কৰিছে।

দুখৰ বিষয় এই যে আজিৰ সময়ত কিছুমান ৰাজনৈতিক নেতাই নিজৰ সংকীৰ্ণ স্বাৰ্থ সিদ্ধিৰ বাবে চৰ-চাপৰি ৰাইজক লক্ষ্য কৰি উচটনিমূলক ভাষা ব্যৱহাৰ কৰে। ভোটৰ ৰাজনীতিত লাভ ল’বলৈ গৈ সমগ্ৰ এটা সমাজক অপমান কৰা, সন্দেহৰ চকুত চোৱা বা উপহাসৰ পাত্ৰ বনোৱা একেবাৰে অনুচিত আৰু বিপজ্জনক। চৰ-চাপৰি ৰাইজ কোনো বোজা নহয়, কোনো বাহিৰা শক্তিও নহয়—তেওঁলোক এই দেশৰ, এই ৰাজ্যৰ আৰু এই অসমীয়া জাতিৰেই অংশ।
ৰাজনৈতিক লাভৰ বাবে বিভাজনৰ বিষ বিয়পোৱা সহজ, কিন্তু তাৰ ক্ষতি বহুত গভীৰ। চৰ-চাপৰি ৰাইজক উপহাস বা অপমান কৰা মানে অসমৰ নিজৰ ইতিহাস, নিজৰ ভাষা আৰু নিজৰ জনতাকেই অপমান কৰা। যিসকল নেতাই এই পথ বাছি লয়, তেওঁলোকে মনত ৰাখিব লাগিব—সমাজক ভাঙি কেতিয়াও ৰাজ্য গঢ়িব নোৱাৰি।

এই বাস্তৱ সত্যক অস্বীকাৰ কৰা মানে ইতিহাসক অস্বীকাৰ কৰা। নামফলক, স্থাপনৰ চন আৰু নথিভুক্ত তথ্যই স্পষ্টকৈ ইয়াৰ প্ৰমাণ দিয়ে।

সত্যক ঢাকিবলৈ যিমানেই চেষ্টা কৰা নহওক কিয়,
“হাত চাপৰিত মেঘ নাতঁৰে।”
চৰ-চাপৰিৰ মুছলমান সমাজৰ শিক্ষাগত অৱদান অসমৰ ইতিহাসত চিৰদিনেই উজ্জ্বল হৈ থাকিব।

Published by samsul Haque

Social worker

Leave a comment

Design a site like this with WordPress.com
Get started