আমাৰ গুৰুত্বপূৰ্ণ কর্মসূচী হ’ল ভাৰতক প্রকৃত স্বাধীন ফেডাৰেল দেশৰূপে গঢ়ি তোলা, য’ত গাঁও বা বস্তি হ’ব ক্ষমতাৰ মূল কেন্দ্ৰ। স্বাধীন ভাৰত ফেডাৰেল ব্যৱস্থা→ সর্বোচ্চ ক্ষমতাসম্পন্ন গাঁৱৰ ধাৰণা আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ জাতীয় কর্মসূচী। ভাৰত এতিয়াও প্রকৃতপক্ষে স্বাধীন নহয় বুলি ভাবো আৰু সেয়ে দ্বিতীয় স্বাধীনতা ৰণ এখনৰ পোষকতা কৰো। স্বাধীন ভাৰতৰ শাসন ক্ষমতা পুনৰ দেশীয় বুৰ্জোৱা জমিদাৰ
মাটিগিৰিৰ হাতত সমৰ্পণৰ যুগ আৰু নাই। ক্ষমতা আহিব লাগিব জনতাৰ হাতলৈ, প্ৰকৃত প্রজাতন্ত্র প্রতিষ্ঠা হ’ব লাগিব। বৰ্তমান ব্যৱস্থাত দিল্লী (কেন্দ্ৰ ?)→ দিছপুৰ (ৰাজ্য)→
জিলাসদৰ → পঞ্চায়ত শিকলিৰে বন্ধা। গাঁৱৰ স্থান প্রায় নাই। কিন্তু প্রকৃত প্রজাতন্ত্রত গাঁও হ’ব সর্বোচ্চ ক্ষমতাৰ অনুষ্ঠান। অর্থাৎ গোটেই ব্যৱস্থাটো ওলোটা (reverse)কৰিবলগীয়া হ’ব। অর্থাৎ আমাৰ সপোনৰ ক্ষমতা বণ্টনৰ স্তৰবোৰ হ’ল গাঁও← পঞ্চায়ত← ব্লক ←জিলা সদৰ← ৰাজ্যৰ সদৰ ←দিল্লী। গাঁওবাসীৰ সমূহীয়া আলোচনাৰে লোৱা সিদ্ধান্ত সদায়ে গ্রহণীয় হ’ব বুলি আশা কৰিব পাৰি; দুৰ্নীতিৰ পৰিমাণো অভাৱনীয়ভাৱে কমিব বুলি ধাৰণা হয়। গাঁৱৰ সকলো সম্পদৰ অধিকাৰীও গাঁওবাসী হ’ব। স্কুল, কলেজ, চিকিৎসালয়, কার্যালয়, থানাৰ ওপৰত গাঁওবাসীৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ আহিব— গাঁওবাসীয়ে নিবিচাৰিলে কোনেও তাত কাৰ্যনিৰ্বাহ কৰি আহিব নোৱাৰিব।তেওঁলোকক বদলি কৰাৰ, বিভাগীয় শাস্তি দিয়াৰ পূৰ্ণ অধিকাৰ থাকিব । খাল, বিল, নদী,পানী, হাবি, মাটি আৰু খনিজ পদাৰ্থৰ ওপৰতো গাঁওবাসীৰ পূৰ্ণ অধিকাৰ আহিব আৰু গাঁওবাসীৰ বিনা অনুমতিত বিশ্বৰ কোনেও গাঁৱৰ পৰা সম্পদ লুট কৰি নিব নোৱাৰিব।তাৰ বাবে প্ৰয়োজনসাপেক্ষে সংবিধানৰ সংশোধন হ’ব। ব্যক্তিগত বিদেশী বহুজাতিক বৃহৎ কোম্পানী নিষিদ্ধ হ’ব ইত্যাদি। এয়া আমাৰ নব্য গণতান্ত্রিক কর্মসূচী। একেদিনাই সকলো পোৱাটো সম্ভৱ নহ’ব; খুপি খুপি আগবাঢ়ি যাব লাগিব। আমাৰ এই সম্পৰ্কীয় ধাৰণাৰ বিকাশ হৈ আছে। এটা সম্পূৰ্ণ ব্যৱস্থাগত ৰূপৰেখা, তাৰ খুটিনাটিবোৰৰ চৰ্চা চলি আছে।কোৱা বাহুল্য যে মূল সমাজ ব্যৱস্থা পৰিৱৰ্তনৰ ই এক স্তৰ মাত্ৰ।এটা গণ আন্দোলনৰ দ্বাৰা উত্থাপন কৰিব পৰা সর্বোচ্চ এক পর্যায়।
কৃষক মুক্তি সংগ্ৰাম সমিতি,
✊ ইনক্লাৱ জিন্দাবাদ।✊
জয় আই অসম।
আমি যুঁজিম আমি জিকিম ।