কৃষক মুক্তি সংগ্ৰাম সমিতি,ডিব্ৰুগড় সদৰ সমিতিৰ পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন।

আজি ইংৰাজী ১৯ জানুৱাৰী ২০২৩ তাৰিখ ডিব্ৰুগড় স্থিত নাট্য মন্দিৰত কৃষক মুক্তি সংগ্ৰাম সমিতি,ডিব্ৰুগড় সদৰ সমিতিৰ সভাপতি শ্ৰী প্ৰদীপ হালৈৰ সভাপতিত্বত কৃষক মুক্তি সংগ্ৰাম সমিতি সদৰ সমিতিৰ প্ৰতিনিধি ও বিষয় বাছনি সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত লাহোৱাল আঞ্চলিক সমিতি আৰু বৰবৰুৱা আঞ্চলিক সমিতিখনক চামিল কৰি শক্তিশালী ৰূপত সদৰ সমিতিখন বহুলভাৱে গঠন কৰা হয় ।
সভাপতিৰ আসন গ্ৰহণৰ পিছতে সমিতি খনৰ সম্পাদক ছামছুল হকে সভাৰ উদ্দেশ্য ব্যখ্যা কৰে ।ব্যখ্যা ওপৰত বিস্তৃত ভাবে মতামত ডাঙি ধৰে লগে লগে পুৰণা সমিতি ভংগ ঘোষণা কৰি নতুন সমিতি খনক আনুষ্ঠানিক ভাৱে দায়িত্ব অৰ্পণ কৰা হয় সভা খনত উপস্থিত থাকে

ডিব্ৰুগড় জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি লক্ষী গগৈ যুটীয়া সম্পাদক হেমন্ত কোঁৱৰ ,কাৰ্যকৰী সভাপতি গণেশ গগৈ ।লেজাই কলা খোৱা আঞ্চলিকৰ সম্পাদিকা পাৰিজাত বুঢ়াগোহাঁই কেন্দ্ৰীয় সমিতিৰ বৃত্ত সম্পাদক প্ৰদীপ হালৈৰ লগতে অন্যান্য বিশিষ্ট উপদেষ্টা ব্যক্তি সকল উপস্থিত থাকে ।

ডিব্ৰুগড় সদৰ সমিতিৰ নতুন সমিতিখন,
ক্ৰমে —————–
■সভাপতি:বিজু তামুলী,
■সাধাৰণ সম্পাদক;- ছামছুল হক ,
■কাৰ্যকৰী সভাপতি: ৰাজীৱ গগৈ ।■উপসভাপতি:বিপুল লহকৰ, প্ৰমোদ ফুকন, অৰূপ দত্ত, ভদ্ৰৱতী গগৈ।
■সহ সম্পাদক: মানস গগৈ,ক্ষুৰচিত আলম।
■সাংগঠনিক সম্পাদক: কল্যান ভৰালী।
■প্ৰচাৰ সম্পাদক: ৰিনা দেউৰী
■সাংস্কৃতিক সম্পাদক:বিজু গগৈ
■বৃত্ত সম্পাদক: মিনাজ খান ,আৰু ৰফিকুল হক ।
■হিচাপ পৰীক্ষক: কেয়াম খান
■ মুখ্য উপদেষ্টা প্ৰদীপ হালৈ সহ এক শক্তিশালী সমিতি নিৰ্বাচিত কৰা হয়।
আনহাতে অনাগত দিনত এই সমিতিখনে সামাজিক সমস্যা সমাধানৰ হেতুকে সবল নেতৃত্ব গ্ৰহণৰ শপত গ্ৰহণ কৰে।

Published by samsul Haque

Social worker

Leave a Reply

Create your own website, free on WordPress.com.Create your own website.
Start free