২০০০ টকীয়া নোট এইবাৰ বাতিল। ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট ছপা নকৰে। বজাৰত থকা ২০০০ টকীয়া নোট আপাততঃ বৈধ হৈ থাকিব। ২০০০ টকাৰ নোট ৩০ ছেপ্টেম্বৰলৈকে বৈধ হ’ব। গ্ৰাহকে ২০০০ টকীয়া নোট বেংকত জমা দি তাৰ পৰিৱৰ্তে আন এখন নোট লাভ কৰিব পাৰিব। ভাৰতীয় ৰিজাৰ্ভ বেংকে সিদ্ধান্ত লৈছে যে ২০ হাজাৰ টকা পৰ্যন্ত নোট বেংকত এবাৰতহে জমা কৰিব পাৰিব।

এই পৰিস্থিতিত প্ৰশ্ন হয় পুৰণি নোট কেনেকৈ সলনি কৰিব?
বৰ্তমানৰ নিয়ম অনুসৰি আপুনি পুৰণি নোট বিনিময় কৰাৰ সময়ত বেংকে প্ৰথমে আপোনাক এটা নিৰ্দিষ্ট ফৰ্মেটত কিছু তথ্য সুধিব তথ্য সমুহ ফর্মত ভৰাই দিব লাগিব। তাৰ পিছত আপুনি আপোনাৰ বৈধ পৰিচয় পত্ৰৰ ফটো কপি জমা দিব লাগিব।
সাৱধান হওক, বেংক বা ডাকঘৰত ফটো আইডি জমা দিওঁতে পুৰণি নোট সলনি কৰিবলৈ জমা দিয়া হৈছে বুলি উল্লেখ কৰক। লগতে তাৰিখটোও উল্লেখ কৰক। নিশ্চিত হওক যে আপোনাৰ পৰিচয় পত্ৰৰ অপব্যৱহাৰ নহয়।
আপুনি আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ভোটাৰ আইডি কাৰ্ড, পাছপ’ৰ্ট, পেন কাৰ্ড বা চৰকাৰে প্ৰদান কৰা আন যিকোনো আইডি কাৰ্ড জমা দিব পাৰিব।
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ফৰ্মেট অনুসৰি ৰিকুইজিচন ফৰ্ম পূৰণ কৰিব লাগিব।
পুৰণি নোট বিনিময় কৰিবলৈ আপুনি বেংকলৈ যাব লাগিব য’ত আপোনাৰ একাউণ্ট আছে। ৪ হাজাৰ টকা পৰ্যন্ত নগদ ধন বিনিময় কৰিব বিচাৰিলে যিকোনো বেংকলৈ পৰিচয় পত্ৰ লৈ যাব পাৰিব। কিন্তু, যদি এই পৰিমাণ (পুৰণি নোট) বেছি হয়, তেন্তে প্ৰতিজন ব্যক্তিৰ বাবে ৪ হাজাৰ টকা (নতুন নোট) পৰ্যন্ত পাব। যিমানেই টকা নাথাকক কিয়। সেই ধন আপোনাৰ বেংক একাউণ্টত জমা হ’ব।