ভাৰতে ৰাছিয়াৰ খাৰুৱা তেল ক্ৰয় আৰু শোধন কৰি ইউৰোপত বিক্ৰী কৰাৰ অভিযোগ, বাধা দিব ইউৰোপীয় ইউনিয়নে।

ইউৰোপত ডিজেলকে ধৰি শোধিত ইন্ধন হিচাপে ৰাছিয়াৰ তেলক নিষেধাজ্ঞা কৰিবলৈ আহ্বান জনাইছে ইউৰোপীয় সংঘৰ বৈদেশিক নীতিৰ মুৰব্বী গৰাকীয়ে

ইউক্ৰেইনৰ যুদ্ধৰ মাজতে পশ্চিমীয়া নিষেধাজ্ঞাৰ পৰা হাত সাৰিবলৈ ৰাছিয়াক সহায় কৰাৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাক সমালোচনা কৰিছে ইউৰোপীয় ইউনিয়নৰ বৈদেশিক নীতিৰ মুৰব্বী জোচেপ বৰেলে ।

ইউক্ৰেইনৰ যুদ্ধৰ মাজতে পশ্চিমীয়া নিষেধাজ্ঞাৰ পৰা হাত সাৰিবলৈ ভাৰতৰ ভূমিকাক  স্পষ্টভাৱে  সমালোচনা কৰি ইউৰোপীয় ইউনিয়নৰ বৈদেশিক নীতিৰ মুৰব্বী জোচেপ বৰেলে ৰাছিয়াৰ তেল ব্যৱহাৰ কৰা ভাৰতীয় পেট্ৰলিয়াম সামগ্ৰীৰ আমদানিৰ বিৰুদ্ধে  নিষেধাজ্ঞা কৰিব বুলি কয়।

ফাইনেন্সিয়েল টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বৰেলে কয় যে ৰাছিয়া আৰু ভাৰতৰ মাজত তেলৰ ব্যৱসায় বৃদ্ধিৰ ক্ষেত্ৰত ইউৰোপীয় সংঘই আপত্তি নকৰে যদিও ভাৰতে ডিজেলকে ধৰি শোধিত ইন্ধন হিচাপে ইউৰোপলৈ ৰাছিয়াৰ তেল পুনৰ বিক্ৰী কৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।

২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত মস্কোৱে ইউক্ৰেইনত পূৰ্ণাংগ আক্ৰমণৰ পিছত বিগত এটা বছৰত ভাৰতে ৰাছিয়াৰ তেলৰ শীৰ্ষ ক্ৰেতা হিচাপে আত্মপ্ৰকাশ কৰিছে।  সস্তীয়া ৰাছিয়াৰ খাৰুৱা তেলৰ সুবিধাই ভাৰতীয় শোধনাগাৰত উৎপাদন আৰু লাভ বৃদ্ধি কৰিছে, যাৰ ফলত তেওঁলোকে প্ৰতিযোগিতামূলকভাৱে শোধিত সামগ্ৰী ৰপ্তানি কৰিবলৈ সক্ষম হৈছে।  যোৱা কেইমাহমানত ৰয়টাৰ আৰু ব্লুমবাৰ্গ আদিৰ প্ৰতিবেদনত ভাৰতীয় কোম্পানীয়ে ৰাছিয়াৰ তেল ক্ৰয় কৰি শোধন কৰি ইউৰোপত বিক্ৰী কৰাৰ ক্ৰমবৰ্ধমান প্ৰমাণৰ উল্লেখ কৰিছে।

Published by samsul Haque

Social worker

Leave a comment

Design a site like this with WordPress.com
Get started