
ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণত আমেৰিকাত নিৰ্মিত পেট্ৰিয়াট এয়াৰ ডিফেন্স মিছাইল চিষ্টেম ক্ষতিগ্ৰস্ত হোৱা বুলি আমেৰিকাৰ দুগৰাকী বিষয়াই প্ৰকাশ কৰিছে। তেওঁলোকৰ দাবী, যদিও সম্পূৰ্ণৰূপে ধ্বংস হোৱা নাই, তথাপিও ইয়াৰ কিছু ক্ষতি হোৱা বুলি কৈছে । ( নিউজ ৰয়টাৰ)
নাম প্ৰকাশ নকৰাকৈয়ে আমেৰিকাৰ এজন বিষয়াই কয় যে ৱাশ্বিংটন আৰু কিয়েভে ইতিমধ্যে ক্ষতিগ্ৰস্ত প্ৰতিৰক্ষা ব্যৱস্থা মেৰামতিৰ সৰ্বোত্তম উপায় সম্পৰ্কে আলোচনা আৰম্ভ কৰিছে। তেওঁ কয় যে, এই মুহূৰ্তত বিশ্বাস কৰা হৈছে যে ইয়াক ক’লৈকো নোযোৱাকৈ ইউক্ৰেইনত মেৰামতি কৰিব পৰা যাব।
ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে মঙলবাৰে দাবী কৰে যে ইউক্ৰেইনত থকা আমেৰিকাৰ পেট্ৰিয়াটৰ এয়াৰ ডিফেন্স চিষ্টেম এটা আক্ৰমণত ধ্বংস হৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি কাৰ্যালয় ক্ৰেমলিনে কয় যে ৰাজধানী কিয়েভত হাইপাৰছ’নিক কিনঝাল মিছাইলৰ সহায়ত এই আক্ৰমণ সংঘটিত কৰা হৈছে।
যদি ইয়াক ধ্বংস কৰা হয় তেন্তে ইউক্ৰেইনৰ যথেষ্ট ক্ষতি হ’ব। কাৰণ আমেৰিকাত নিৰ্মিত পেট্ৰিয়াট এয়াৰ ডিফেন্স চিষ্টেমৰ খৰচ প্ৰায় ১১০ বিলিয়ন ডলাৰ।
ৰাছিয়া সমৰ্থকসকলে দাবী কৰে যে এই বিস্ফোৰণে আমেৰিকাই ইউক্ৰেইনক যোগান ধৰা পেট্ৰিয়াট ব্যৱস্থা ধ্বংস কৰি পেলায়। ইউক্ৰেইনে দাবী কৰিছে যে তেওঁলোকে এটা নিশাতে ৰাছিয়াই নিক্ষেপ কৰা ছটা হাইপাৰছ’নিক মিছাইল নিঃশেষ কৰে।