তুৰস্কত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ যুজঁ পূৰ্ণ গতিত চলি আছে।

তুৰস্কত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ তুমুল যুজঁ পূৰ্ণ গতিত চলি আছে।

■তুৰ্কীৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত শক্তিশালী যুঁজ।
■হিচাপ অনুসৰি এতিয়াও কোনেও ম্যেজিক সংখ্যাত উপনীত হোৱা নাই ।

■যদিহে ম্যেজিক সংখ্যাত উপনীত নহয় তেন্তে দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ সম্ভাৱনা আছে ।

ভোট গণনাত এতিয়ালৈকে কোনো প্ৰাৰ্থীয়ে লাভ কৰা নাই ৫০ শতাংশ ভোট। যদিহে এক নিৰ্দিষ্ট শতাংশ ভোট লাভ নকৰে, তেন্তে দ্বিতীয় ৰাউণ্ডৰ ভোটদান অনিবাৰ্য হৈ পৰিব। তুৰস্কৰ নিৰ্বাচন আয়োগে ইংগিত দিছে যে ২৮ মে’ত দ্বিতীয় ৰাউণ্ডৰ ভোটগ্ৰহণ হ’ব পাৰে । আয়োগৰ সূত্ৰ অনুসৰি এতিয়ালৈকে মুঠ ৯৭ শতাংশ ভোট গণনা কৰা হৈছে। বিদেশত থকা সকলৰ ভোট এতিয়াও গণনা কৰা হোৱা নাই সেইখিনি গণনা কৰিলেও তেতিয়াও এৰদোগানে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পৰা হাত সাৰিবলৈ প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰাটো অসম্ভৱ হ’ব।

বৰ্তমানৰ ৰাষ্ট্ৰপতি এৰদোগানে ৪৯.৫০ শতাংশ ভোট লাভ কৰে। তেওঁৰ মূল প্ৰতিদ্বন্দ্বী কেমাল কিলিচদাৰোগ্লুৱে ৪৪.৮৯% ভোট লাভ কৰে। আন এজন প্ৰতিদ্বন্দ্বী চিনান ওগানে লাভ কৰে ৫.১৭% ভোট। আয়োগৰ তথ্য অনুসৰি কোনো প্ৰাৰ্থীয়ে ৫০ শতাংশ ভোট লাভ নকৰাৰ ধাৰণা কৰা হৈছে ।

তুৰ্কীৰ সংবিধান অনুসৰি যদি ৰাষ্ট্ৰপতি নিৰ্বাচনত ৫০ শতাংশতকৈ অধিক ভোট নাপায় তেন্তে দ্বিতীয় ৰাউণ্ডৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। তেনে ক্ষেত্ৰত এৰদোগন আৰু কিলিচদাৰোগ্লুৱে পুনৰ ভোটৰ সন্মুখীন হ’ব লাগিব।

মন কৰিবলগীয়া যে দেওবাৰে তুৰস্কত ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। নিৰ্বাচনৰ ফলাফল প্ৰকাশ পোৱাৰ পিছত এৰদোগান আৰু কিলিচদাৰোগ্লু শিবিৰে জয়ৰ দাবী কৰে। ৰাজধানী আংকাৰাকে ধৰি কেইবাটাও ক্ষেত্ৰত এৰদোগানৰ সমৰ্থকসকলে ৰাজপথলৈ ওলাই আহি এই বিজয় উদযাপন কৰা দেখা গৈছে। অৱশ্যে ৰাষ্ট্ৰপতি পদৰ আন এগৰাকী প্ৰাৰ্থী কেমাল কিলিচদাৰোগ্লুৱে তেওঁৰ সমৰ্থকসকলক ধৈৰ্য্য ধৰিবলৈ আহ্বান জনায়।

প্ৰসংগক্ৰমে এই বছৰ তুৰস্কত ভয়ংকৰ ভূমিকম্পত বহু লোকে প্ৰাণ হেৰুৱাইছিল। সেই সময়ত তুৰ্কী জনসাধাৰণৰ এটা অংশই এৰদোগান চৰকাৰে ক্ষতিপূৰণ নিদিয়াৰ অভিযোগ উত্থাপন কৰিবলৈ আৰম্ভ কৰিছিল। কেইবাটাও সমীক্ষাত প্ৰকাশ পাইছে যে ইয়াৰ প্ৰভাৱ নিৰ্বাচনত পৰিব পাৰে। এই সমীক্ষাত এৰদোগান বহু পিছ পৰি আছিল। তুৰস্কৰ ছয় দলীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী কিলিচদাৰোগ্লুৱে ৫০ শতাংশতকৈ অধিক ভোট লাভ কৰাৰ সম্ভাৱনা কৰা হৈছিল বুলি সমীক্ষাত প্ৰকাশ পাইছিল।

সমীক্ষাটোৱে পূৰ্বাভাস হেৰুৱাই পেলোৱাত এৰদোগানৰ সমৰ্থকসকলে সকাহৰ উশাহ এটা লৈছে। ভোট গণনাৰ সময়ত সমৰ্থকসকলক অভিনন্দন জনায় তুৰস্কৰ বৰ্তমানৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। নিকটতম প্ৰতিদ্বন্দ্বীতকৈ ২.৬ কোটি ভোটত আগবাঢ়ি আছে বুলি দাবী কৰে। সম্পূৰ্ণ ফলাফল প্ৰকাশ পোৱাৰ পিছত এই ব্যৱধান বৃদ্ধি পাব বুলি তেওঁ আশা প্ৰকাশ কৰে।

ইফালে দ্বিতীয় ৰাউণ্ডৰ ভোটদানৰ ক্ষেত্ৰত এৰদোগানৰ সুবিধা অধিক বুলি তুৰ্কী বিশেষজ্ঞৰ এটা অংশই প্ৰকাশ কৰিছে। হাকান আকবাছ নামৰ এজন তুৰ্কীৰ ৰাজনৈতিক বিশেষজ্ঞই কয় যে এৰদোগানৰ আটাইতকৈ ডাঙৰ সুবিধা আছিল প্ৰথম ৰাউণ্ডত কিলিকদাৰোগ্লুতকৈ আগবাঢ়ি থকা।

Published by samsul Haque

Social worker

Leave a comment

Design a site like this with WordPress.com
Get started