
যুদ্ধবিধ্বস্ত চুডানত আবদ্ধ ভাৰতীয় নাগৰিকক উদ্ধাৰ অভিযান অব্যাহত।
যুদ্ধবিধ্বস্ত চুডানত আবদ্ধ ভাৰতীয় নাগৰিকক উদ্ধাৰৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অপাৰেচন কাবেৰী ঘোষণা কৰে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সোমবাৰে এক টুইটযোগে এই কথা প্ৰকাশ কৰে।
এক টুইটযোগে জয়শংকৰে কয় যে ইতিমধ্যে ৫০০ ভাৰতীয় চুডানৰ বন্দৰত উপস্থিত হৈছে। তাৰ পৰা তেওঁলোকক সোনকালে উদ্ধাৰ কৰা হ’ব। প্ৰসংগক্ৰমে গৃহযুদ্ধ আৰম্ভ হোৱাৰ আগতে চুডানত ৩ হাজাৰৰো অধিক ভাৰতীয় বাস কৰিছিল।
দেওবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনাইছে যে ভাৰতীয় বায়ুসেনাৰ চি-১৩০জে বিমান ইতিমধ্যে জৰ্ডানৰ জেদ্দা বিমানবন্দৰত উপস্থিত হৈছে। ইয়াৰ উপৰিও ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজ INS Sumedha প’ৰ্ট চুডানত উপস্থিত হৈছে। এই বিমান আৰু জাহাজৰ সহায়ত আৱদ্ধ হৈ থকা সকলো ভাৰতীয়ক শীঘ্ৰে উদ্ধাৰ কৰা হ’ব।
ইতিমধ্যে শনিবাৰে চৌদি আৰৱত উপস্থিত হৈছে ১৫০ জনতকৈ অধিক লোক। ছৌদি আৰৱৰ বাহিৰেও এই গোটত ভাৰতকে ধৰি আন ১২খন দেশৰ নাগৰিক আছিল।
ইয়াৰ উপৰিও আন দেশসমূহেও সহায়ৰ হাত আগবঢ়াইছে। সোমবাৰে পুৱা ফ্ৰান্সে ৩৮৮ জন লোকক উদ্ধাৰ কৰে। ফৰাচীসকলৰ বাহিৰেও ২৮ জন ভাৰতীয় আছিল। এই তথ্য ভাৰতত থকা ফ্ৰান্সৰ দূতাবাসে অৱগত কৰিছিল।
আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে কয় যে চুডানৰ ৰাজধানী খাৰ্টুমত থকা আমেৰিকাৰ দূতাবাসত কৰ্মৰত সকলো আমেৰিকান নাগৰিক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যক উদ্ধাৰ কৰা সম্ভৱ। চুডানৰ দূতাবাস অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিছে আমেৰিকাই। দক্ষিণ আফ্ৰিকা, দক্ষিণ কোৰিয়া আদি দেশসমূহেও চুডানত আবদ্ধ হৈ থকা নিজৰ নাগৰিকসকলক ক্ষিপ্ৰতাৰে উদ্ধাৰৰ চেষ্টা চলাইছে। খাৰ্টুমত থকা ৰাছিয়াৰ দূতাবাসৰ পৰা একাংশ কৰ্মচাৰীক উলিয়াই অনাৰ বিপৰীতে ৰাছিয়াই দূতাবাস বন্ধ নকৰে বুলি উল্লেখ কৰিছে।
প্ৰসংগক্ৰমে ক’বলৈ গ’লে ১৫ এপ্ৰিলৰ পৰা চুডানত আৰম্ভ হৈছে গৃহযুদ্ধ। ক্ষমতাক লৈ চুডানৰ সেনা আৰু অৰ্ধসামৰিক ৰেপিড চাপৰ্ট ফৰ্চৰ মাজত মুখামুখি হৈ পৰিছে। এই দুয়োটা শক্তিয়ে মিলি ২০২১ চনত সামৰিক অভ্যুত্থান চলায়। কিন্তু পিছলৈ দুয়োটা শক্তিৰ সম্পৰ্কত উত্তেজনা হৈ পৰে ।
বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন অনুসৰি দেওবাৰলৈকে চুডানৰ গৃহযুদ্ধত ৪২০ জন লোকে প্ৰাণ হেৰুৱাইছে। আহত লোকৰ সংখ্যা ৩৭০০ জন ।